Show/Hide Keyboard Layout

মিঠা মিঠা কথাৰে

- বোলছবি

মিঠা মিঠা কথাৰে

মন ভোলালি

লাহে লাহে আহি মোৰ

আপোন হ’লি ঐ

সপোনৰ কাৰেঙত আছ যে ওমলি

ত‍ই ন’হলে আজি একোৱেই ভাল নালাগে মোৰ

মিঠা মিঠা কথাৰে

মন ভোলালি

লাহে লাহে আহি মোৰ

আপোন হ’লি ঐ ।

 

অ’ লৈ যা লৈ যা

মোকো লগতে লৈ যা

ত‍ই নাথাকিলে

আজি ম‍ই আধৰুৱা

আপোন মোৰ কলিজা

তোৰে ঐ পদূলিত

এৰি থৈ আহিছোঁ

কোনেও নেদেখাকৈ

বুটলি ৰাখি থ

নিজৰ কৰি সাৱটি ল ।

 

কপাহী কোমল

তোৰ আঙুলিৰ বোল

দে আহি বুলাই

দেহা শাত পৰি ৰওক মোৰ

হেঁপাহো নপলাই

চায়েই থাকিম যেন তোক

এনে লাগে কিয়

দি দিওঁ মোৰ সকলো

তোকে ঐ উজাৰি

নাথাকক একো বাকী মোৰ

মিঠা মিঠা কথাৰে

মন ভোলালি

লাহে লাহে আহি মোৰ

আপোন হ’লি ঐ ।।

Hits: 4038